অসমীয়া জতুৱা ঠাঁচ | JATUA THAS IN ASSAMESE
অসমীয়া জতুৱা ঠাঁচ |
অসমীয়া ভাষাত অলেখ জতুৱা ঠাঁচ বা খণ্ডবাক্য আছে ৷ তলত ইয়াৰে কেইটিমান উল্লেখ কৰা হ'ল -
- অলপ পানীৰ মাছ = দুৰ্বল , নিমাখিত ৷
- অচিন কাঠৰ থোৰা = অপৰিচিত ৷
- অহুত কাণে পহুৰ কাণে = উৰা বাতৰি, ঘুনুক ঘানাককৈ শুণা ৷
- আকোৰ গোঁজালি = একেটা কথাত লাগি থকা ৷
- অজীন পাতকী =মিলিব নোৱাৰা, দন্দুৰা লোক ৷
- অথাই সাগৰ =ডাঙৰ বিপদ ৷
- অমাতৰ মাত =শুনিবলৈ শুৱলা নাত ৷
- অটোম টোকাৰি =পৰিপাটি ৷
- আথে –বেথে =অতি সাদৰৰ ৷
- আমঠু ক’লা পৰা =মনত বৰ আঘাত পোৱা ৷
- আকাশী সৰগ ভাগি পৰা =ডাঙৰ বিপদ হোৱা ৷
- আলিবাটত চালি ধৰা =ধুন মাৰি ফুৰা ৷
- আজল মঠ = জানিও নজনা ভাও ধৰা ৷
- আভুৱা ভৰা =ঠগ, প্ৰবঞ্চনা কৰা ৷
- আকাশত চাং পতা = অস্বাভাৱিক কল্পনা কৰা ৷
- আলৈ-আথানি = নিৰাশ্ৰয় বা নি:সহায় ৷
- আঁঠু লোৱা =সন্মান দেখুৱাবলৈ আঁঠু কাঢ়ি সেৱা কৰা ৷
- আঁঠুত সোণ বিচাৰ =কাম নকৰাকৈ ধন-সম্পদৰ আকাংক্ষা কৰা ৷
- গা ৰখা =হানি বা নষ্টৰ পৰা ৰক্ষা কৰা ৷
- গা পাতি লোৱা =কোনো কাম কৰিবলৈ দায়িত্ব লোৱা বা মান্তি হোৱা ৷
- গা গধুৰ =এলেহুৱা ৷
- গা ঘেলাই ফুৰা =কাম- বন নকৰি ধুন মাৰি ফুৰা ৷
- গা ধৰ =শকত হ ৷
- গা লৰাই কৰা =মনোযোগ দি কোনো কাম কৰা ৷
- গা ঘেলাই ফুৰা =কাম-বন নকৰি ধুন মাৰি ফুৰা ৷
- গা ৰাঁই জাঁই কৰা =চাটি-ফুটি কৰা বা অস্থিৰ হোৱা ৷
- গা ধৰা =শকত হোৱা ৷
- গা এৰা দিয়া =সম্পৰ্ক এৰা বা মনোযোগ নিদিয়া ৷
- গা দাঙি কোৱা = সাহস কৰি কোৱা ৷
- গা নচুৱাই ফুৰা =কাম নকৰি এনেয়ে ঘূৰা-পকা কৰি ফুৰা ৷
- গাত হাত দিয়া =মৰিওৱা বা অপদস্থ কৰা ৷
- গাৰ নোম ডাল ডাল হ =ভয়ত শিয়ঁৰি উঠ ৷
- গা চেবা =সন্দেহ হোৱা ৷
- গা দাং =নৰিয়াৰ পৰা উঠা ৷
- গা তোলা =দায়িত্ব বহন কৰা, মান্তি হোৱা ৷
- গা জুৰা =সন্তোষ পোৱা ৷
- গা জোৰা =যথেষ্ট হোৱা, অটা ৷
- গা সৰা =বিপদৰ পৰা ৰক্ষা পৰা , দায়িত্বৰ পৰা অব্যাহতি পোৱা ৷
- গা ৰোৱা =কোনোমতে ৰক্ষা পৰা ৷
- গা তোলা =পুনৰ টনকিয়াল হোৱা ৷
- গা ভাৰী =গৰ্ভৱতী ৷
- কাণ পতা =শুনিবলৈ সাজু হোৱা ৷
- কাণ বাগৰা =লোকৰ মুখে শুনা ৷
- কাণ এৰা =মনোযোগ নিদিয়া ৷
- কাণ কৰা =মনোযোগ দিয়া ৷
- কথা চহকী =বৰকৈ যি কথা কয় ৷
- কথা গৰকা =ভাল বেয়া যি গমি চায় ৷
- কথা ক =ভাব প্ৰকাশ কৰ ৷
- কথা হ =আলোচনা কৰ ৷
- কপাল ফুলা =সৌভাগ্য উপস্থিত হোৱা ৷
- কপাল ফুটা =দুৰ্ভাগ্য উপস্থিত হোৱা ৷
- কপাল ধিওৱা =আশাৰে বাট চোৱা ৷
- কপালৰ ঘাম মাটিত পেলোৱা =অতি পৰিশ্ৰম কৰা ৷
- কপাল ধোৱা =আশা এৰা ৷
- কাণ কটা =নিলাজ, দুষ্ট ৷
- কাণ দিয়া =মনোযোগ দিয়া ৷
- কাণ সৰালি মৰা =নুশুনা ভাও জোৰা ৷
- কাণে কাণ মাৰি =কোনো মতে ৷
- কঁকাল ভগা =দুৰ্বল হোৱা, ক্ষমতাহীন হোৱা ৷
- কঁকাল পৰা =বুঢ়া হোৱা, দুৰ্বল হোৱা৷
- কঁকাল বন্ধা =কোনো কামলৈ সাজু হোৱা, সষ্টম হোৱা ৷
- কঁকাল দঙা =পুনৰ শক্তি লাভ কৰা, পুনৰ টনকিয়াল হোৱা ৷
অসমীয়া জতুৱা ঠাঁচ | JATUA THAS IN ASSAMESE | JATUWA WORD
- চকু ফুৰা =ওপৰে ওপৰে চোৱা ৷
- চকু ৰোৱা =দেখিবলৈ ধুনীয়া বা আকৰ্ষণীয় ৷
- চকু ফুৰাই চোৱা =ওপৰে ওপৰে চোৱা ৷
- চকু মুদা কুলি =প্ৰবঞ্চক,ফাকি দিয়া ব্যক্তি ৷
- চকু চৰহা =লোকৰ ভাল দেখিব নোৱৰা ৷
- চকু পোৰা =লোকৰ ভাল দেখি সহিব নোৱৰা ৷
- চকু লগা =টোপনি অহা ৷
- চকু দিয়া =সাৱধান হোৱা, পাবলৈ ইচ্চা কৰা ৷
- চকু মুদা =মৃত্যু হোৱা ৷
- চকুত লগা =ধুনীয়া হোৱা ৷
- চকুত ধুলি মৰা =ফাকি দিয়া ৷
- চকুৰ পচাৰতে =নিমিষতে , ক্ষন্তেকতে ৷
- চকুৰ কুটা =অপ্ৰিয় ৷
- চকুৰ মণি =অতি প্ৰিয় বা আদৰৰ ৷
- চকু জুৰ পৰা =চাই সন্তোষ পোৱা ৷
- চকু মেলি চোৱা =অনুগ্ৰহ কৰা ৷
- চকু ৰখা =যত্ন কৰা, ভালদৰে মন কৰা ৷
- চকু এৰা =আশা নকৰা, মনোযোগ দিবলৈ এৰা ৷
- মুখলৈ চোৱা =মৰম বা দয়া কৰা ৷
- মুখত সোপা দিয়া =মাত নাইকিয়া কৰা , নিমাত কৰা ৷
- মুখ লগা =আনৰ চকুত পৰি শ্ৰীহানী হোৱা বা অপকাৰ হোৱা ৷
- মুখ নোহোৱা =গঢ় লগাই কথা ক’ব নোৱাৰা ৷
- মুখ মেলা =আনলৈ আশা কৰা ৷
- মুখ মৰা =নিমাত হোৱা ৷
- মুখ বজোৱা =কাজিয়া কৰা ৷
- মুখ ফালি কোৱা =স্পষ্টকৈ কোৱা ৷
- মুখৰ ভাত কাঢ়ি নিয়া =পোৱা সুবিধা নিজৰ অকৰ্মণ্যতাৰ বাবে হেৰুওৱা বা আনে জোৰ কৰি নিয়া ৷
- মুখেৰে সাত হাল বোৱা =ফিতাহি মাৰি কথা কোৱা ৷
- মুখ পাতি ধৰা =আনৰ কথাত নিজে সোমোৱা ৷
- মুখ উজলোৱা =নাম জনাজাত কৰা ৷
- মুখ উফন্দা =অসন্তোষ ভাৱ দেখুৱা ৷
- হাত ধৰা =টানকৈ চলা , কৰিব নোৱাৰা হোৱা ৷
- হাত পৰা =অধোগতি , তললৈ নমা ৷
- হাত থকা =প্ৰভাৱ থকা ৷
- হাত ঊঠা =উন্নতি হোৱা , কৃতকাৰ্য হোৱা ৷
- হাত এৰা =দায়িত্ব এৰা ৷
- হাত কৰা =নিজৰ কৰা লোৱা , নিজৰ অধীনলৈ অনা ৷
- হাত ঘলা =আনৰ বস্তুৰ প্ৰতি লোভ কৰা ৷
- হাত চোৱা =মংগল চোৱা বা ভাল–বেয়া বিচাৰ কৰা ৷
- হাত দিয়া =কোনো কামত ধৰা ৷
- হাত পতা =ভিক্ষা কৰা, কোনো বস্তু খোজা ৷
- হাত অহা =অভ্যাস হোৱা ৷
- হাত মৰা =লুকুৱাই লোকৰ বস্তু নিজৰ কৰা ৷
- হাত মেলা =নোপোৱা বস্তুৰ প্ৰতি হেঁপাহ কৰা ৷
- হাত সৰা =ৰক্ষা পোৱা , পলাই যোৱা, মুক্তি পোৱা ৷
- হাত সাৱতা =কোনো কাম নকৰি এনেয়ে থকা ৷
- হাত বাগৰা =আনে ব্যৱহাৰ কৰাৰ পিছত পোৱা ৷
- হাত মুকলি =খৰছী, অবাবত খৰচ কৰা ৷
- হাত খালি =টকা–পইছা নথকা ৷
- হাত টান =কৃপণ, চিকতা ৷
- হাত চুটি =ক্ষমতাহীন, অভাৱী মানুহ ৷
- হাত দীঘল =ক্ষমতাশালী ৷
- হাতে-লোতে =অপৰাধ কৰি থকা অৱস্থাতে ধৰা পেলোৱা ৷
- হাত ধোৱা =আশা এৰা বা সম্পৰ্ক এৰা ৷
- হাত লৰ =চোৰ স্বভাৱ ৷
- হাতৰ মুঠিত ৰখা =নিজৰ অধীনত ৰখা ৷
- হাতে ভৰিয়ে ধৰা =কাবৌ-কোকালি কৰা ৷
- হাতে নামাৰি ভাতে মৰা =দেখাকৈ অপকাৰ নকৰি নেদেখাকৈ অপকাৰ কৰা ৷
- হাতত সাৰে ভৰিত সাৰে =গোপনে , মনে মনে ৷
- হাত বুলোৱা =মৰম কৰা ৷
- হাত যোৰ কৰা =প্ৰাৰ্থনা কৰা ৷
- হাত উজান দিয়া =কামত সহায় কৰা ৷
- হাড়-ছাল ওলোৱা =অতি ক্ষীণ ৷
- হাড়ক মাটি কৰা = অতিৰিক্ত পৰিশ্ৰম কৰা ৷
- হাড়লৈকে চিন =ভিতৰলৈকে অৰ্থাৎ অতি ভালকৈ চিনি পোৱা ৷
- হাড় ভগা বন =কঠিন কাম ৷
- হাড়ত বন গজা =বহুদিনৰ আগতে মৰা ৷
- হাড় পেলোৱা =মৃত্যু হোৱা ৷
- হাড় নাইকিয়া জিভা =লাগ বান্ধ নোহোৱাকৈ বা বিবেচনা নকৰাকৈ কথা কোৱা মানুহ ৷
- হিয়া ধুনা =কান্দি ব্যাকুল হোৱা ৷
- হিয়া ধাকুৰীয়া =শোকত ব্যাকুল হোৱা ৷
- হিয়াৰ আমঠু =প্ৰিয়তম লোক ৷
- দাঁত লগা =লোকৰ চকু পৰাত অমংগল হোৱা ৷
- দাঁতে ওঁঠে নলগা =কোনো কাজিয়া পেচাল নোহোৱা ৷
- দাঁত নাই =সাহস নথকা, সামৰ্থ্য নাই ৷
ততত
ReplyDeletePlease do not enter any spam link in the comment box