Type Here to Get Search Results !

অসমৰ ইতিহাস কুইজ | Assam History MCQ

অসমৰ ইতিহাস কুইজ |  Assam History MCQ

অসমৰ ইতিহাস কুইজ  Assam History MCQ IN ASSAMESE LANGUAGE
অসমৰ ইতিহাস কুইজ

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই Assam History প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসম আৰক্ষী লিখিত পৰীক্ষা(Assam Police Exam), অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসম ইতিহাসৰ প্ৰশ্নোত্তৰ কেইটা আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।


অসমৰ ইতিহাস কুইজ 

GK on Ahom Dynasty


কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰ : চুহুংমুং


হাজোৰ পোৱামক্কা কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : গিয়াচুদ্দিন আউলিয়া


কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল?

উত্তৰ : ভাস্কৰ বৰ্মন


আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত


আহোম মুদ্ৰা বোৰৰ আকাৰ কি আছিল?

উত্তৰ : আঠচুকীয়া


অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল?

উত্তৰ : আহোম সকলে


আহোম সকলে চুতীয়া ৰাজ্য জয় কৰি শাসনৰ বাবে কোনজন বিষয়াক নিয়োগ কৰিছিল?

উত্তৰ : শদিয়াখোৱা গোহাঁই


আহোম সকল পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰবেশ কৰোতে কোন জনগোষ্ঠীয়ে আগ ভেটি যুদ্ধ কৰিছিল?

উত্তৰ : নগা


অসমত দাস প্ৰথা কেতিয়া বিলুপ্ত সাধন কৰা হয়?

উত্তৰ : ১৮৪৩ চনত


আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কিমান চনত স্হাপন হৈছিল?

উত্তৰ : ১২৫৩ চনত


আহোমৰ আটাইতকৈ দীঘলীয়া কাল ৰাজত্ব কৰা ৰজাজনৰ নাম?

উত্তৰ : চুকামফা


কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত মুচলমান সকলে পোনপ্ৰথম অসম আক্ৰমণ কৰে?

উত্তৰ : চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনত


কোন ৰজাৰ দিনত আহোম ৰাজ‍্যৰ ৰাজধানী গড়গাঁও ত প্ৰতিষ্ঠা হয়?

উত্তৰ : চুক্লেংমুং ৰ দিনত


কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়?

উত্তৰ : প্ৰতাপ সিংহ


উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ : গদাধৰ সিংহই


মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ


কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয়?

উত্তৰ : ২ ডিচেম্বৰ


বামুণী কোৱৰ বুলি কাক জনা যায়?

উত্তৰ : চুডাংফা


আহোম ৰাজ্যৰ প্ৰথম জন বৰপাত্ৰগোহাই কোন আছিল?

উত্তৰ : কনছেং


তুৰ্বকে কিমান চনত অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১৫৩২ চনত


মূলাগাভৰু কাৰ পত্নী আছিল?

উত্তৰ : ফ্ৰাচেংমুং বৰগোঁহাই


কাক গড়গঞা ৰজা বুলি জনা যায়?

উত্তৰ : চুক্লেণমুং


নগা আলি কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : চুক্লেণমুং


ৰুদ্ৰসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : লক্ষ্মী সিংহই


মাজুলী সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৫৬৩ চনত


মাজুলী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰ : কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখামফাৰ মাজত


কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল?

উত্তৰ : ৰাজেশ্বৰ সিংহ


মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম স্বৰ্গদেউৰ দিনত হৈছিল?

উত্তৰ : স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত


মানৰ দ্বিতীয় অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?

উত্তৰ : পুৰন্দৰ সিংহ


ম'হগড় ৰণ কাৰ কাৰ মাজত হৈছিল?

উত্তৰ : আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ আৰু মানৰ মাজত


Important Assamese Gk 2022 with PDF 

DOWNLOAD



অসমৰ ইতিহাস কুইজ

Assam History GK on Ahom Kingdom


আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ: ১৬৮২ চনত


অসমত ভৌম বংশ কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰ: নৰক ৰজা


কিমান চনত চুকাফাই চৰাইদেউ স্হায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল?

উত্তৰ: ১২৫৩ চনত


পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল ?

উত্তৰ: ১৮৯৪ চনত


প্ৰথম আহোম বৰবৰুৱা কোন আছিল ?

উত্তৰ : মোমাই তামুলী


আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰগোঁহাই কোন আছিল?

উত্তৰ: কনছেং


কাৰ দিনত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু "ৰিক্ খান" উৎসৱ পাতি শাসনৰ দায়িত্ব শদিয়াখোৱা গোহাঁইক দিয়া হয়?

উত্তৰ: চুহুংমুং


কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বর্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল ?

উত্তৰ: ভাস্কৰ বৰ্মন


লাচিত বৰফুকনৰ জন্ম কিমান চনত হৈছিল?

উত্তৰ: ১৬২২ চনৰ ২৪ নৱেম্বৰ


আহোম স্বৰ্গদেউসকলে পুৰোহিতক দান কৰা মাটিক কি বোলা হৈছিল?

উত্তৰ: পীৰপাল


কনছেং কোন আছিল?

উত্তৰ: চুপিমফাৰ পুত্ৰ


ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নীৰ নাম কি আছিল?

উত্তৰ: মূলাগাভৰু


গড়গঞা ৰজা বুলি কাক জনা যায়?

উত্তৰ: চুক্লেণমুং


কোনজন আহোম ৰজাই প্ৰথম মোহৰ সজাইছিল?

উত্তৰ: চুক্লেণমুং


বুঢ়া ৰজা বুলি কাক জনা যায়?

উত্তৰ: চুচেংফা


বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক জনা যায়?

উত্তৰ: চুচেংফা


পঁচা প্ৰথা কোনে সৃষ্টি কৰিছিল?

উত্তৰ : চুচেংফা । হিন্দু নাম প্ৰতাপ সিংহ


অসূৰৰ আলি সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

উত্তৰ: ১৬৩৯ চনত


ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

উত্তৰ: ১৬৬৩ চনৰ ২৩ জানুৱাৰী


আলাবৈৰ ৰণ কিমান চনত হৈছিল?

উত্তৰ: ১৬৬৯ চনৰ ৫ আগষ্ট


কোনজন আহোম ৰজাৰ দিনত আলাবৈৰ ৰণ সংঘটিত হৈছিল?

উত্তৰ: চক্ৰধ্বজ সিংহ


কোনজন আহোম ৰজাই "নগা আলি" বন্ধাইছিল?

উত্তৰ: চুক্লেনমুং


কছাৰী ৰাজ্যৰ বেছিভাগ অংশ কোনজন আহোম ৰজাৰ দিনত দখল হৈছিল?

উত্তৰ: চুহুংমুং


কোচ মূদ্ৰাক কি নামেৰে জনা গৈছিল?

উত্তৰ: নাৰায়ণী


চুকাফাই লগত অনা ডাঙৰীয়া বা মন্ত্ৰী দুগৰাকীৰ নাম আছিল? 

উত্তৰ : বুঢ়াগোহাঁই আৰু বৰগোহাঁই


ভাস্কৰ বৰ্মাই উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা কটকীজনৰ নাম কি আছিল?

উত্তৰ : হংসবেগ 


কোচ ৰাজকুমাৰী মংগালদইক কোনজন আহোম ৰজাই বিয়া কৰিছিল?

উত্তৰ: চুখাম্ফা


কাৰ সয়ম্বৰ উপলক্ষে ৰজা ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰীটো খন্দাইছিল?

উত্তৰ: ভানুমতীৰ


"সমৰ সিংহ/ সংগ্ৰাম সিংহ" উপাধি কোনে লাভ কৰিছিল?

উত্তৰ: চিলাৰায়


প্ৰাচীন কামৰূপৰ ভৌগোলিক অৱস্থা বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ: লৌহিত্য


অসমীয়াত কুইজ | ASSAMESE QUIZ - HERE

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.