Type Here to Get Search Results !

সমাস আৰু ইয়াৰ প্ৰকাৰ | Assamese Grammar Homakh

সমাস আৰু ইয়াৰ প্ৰকাৰ | Assamese Grammar Homakh

অসমীয়া ব্যাকৰণ সমাস আৰু ইয়াৰ প্ৰকাৰ | Assamese Grammar
সমাস আৰু ইয়াৰ প্ৰকাৰ


সমাস কাক বোলে?

উত্তৰঃ-পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততােধিক পদ লগ লাগি এক পদ হােৱাকে সমাস বােলে।

যেনেঃ মহাপুৰুষ = মহৎ যি পুৰুষ।


সমাসৰ বৈশিষ্ট্যঃ

  • দুই বা তাতােকৈ অধিক পদ বা পদ থকা বাক্য লগ এক পদ হ'লেই সমাস হয়।
  • সমাস হােৱা পদবােৰে কেতিয়াবা প্রকৃত অর্থ।
  • সমাসত পদবােৰৰ বিভক্তিৰ চিন লুপ্ত সি হ'ব লগীয়া পদবিলাকৰ ব্যাক্যৰ অনেক পদ ললাপ হয়।


সমাসৰ বিভিন্ন প্ৰকাৰ:

সমাস সাধাৰণতে ছয় প্রকাৰৰ-
  • দ্বন্দ্ব সমাস
  • তৎপুরুষ সমাস
  • কর্মধৰয় সমাস
  • দ্বিগু সমাস
  • বস্ত্রীহি সমাস আৰু
  • অব্যয়ীভাৱ সমাস।

দ্বন্দ সমাস কাক বোলে ?

উত্তৰঃ-যি সমাসত দুই বা বহু পদ মিলিত হৈ একপদ হয় আৰু প্ৰত্য়েক পদৰ অৰ্থ প্ৰধানৰুপে প্ৰতীয়মান হয় সেয়াই দ্বন্দ সমাস । দ্বন্দ্ব সমাস তিনিবিধ হ'ল-
  • ইতৰেতৰ দ্বন্দ্ব,
  • সমাহাৰ দ্বন্দ্ব,
  • একশেষ দ্বন্দ্ব
উদাহৰণ:
  • দেৱাসুৰ =দেৱ আৰু অসুৰ।
  • তেল-পানী = তেল আৰু পানী।
  • ভাই-ভনী = ভাই আৰু ভনী।
  • স্বভাৱ-চৰিত্ৰ = স্বভাৱ আৰু চৰিত্ৰ ।
  • গুৰু-শিষ্য = গুৰু আৰু শিযষ্য।
  • ভাল-বেয়া = ভাল আৰু বেয়া।
  • সোণ-ৰূপ = সোণ আৰু ৰূপ।
  • অস্তশস্ত্ৰ = অস্ত্ৰ আৰু শস্ত।
  • তামোল-পাণ = তামোল আৰু পাণ।

তৎপুৰুষ সমাস কাক বোলে ?

উত্তৰঃ-যি সমাসত দুটা ব্যস্ত পদৰ প্রথম পদটো প্রথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে,আৰু এই বিভক্তি লােপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বােলে ৷তৎপুৰুষ সমাস ছয় প্রকাৰৰ:
  • দ্বিতীয়া তৎপুৰুষ
  • তৃতীয়া তৎপুৰুষ
  • চতুর্থী তৎপুৰুষ
  • পঞ্চমী তৎপুৰুষ
  • ষষ্ঠী তৎপুৰুষ আৰু
  • সপ্তমী তৎপুৰুষ।
উদাহৰণ:
  • মাতৃপূজা = মাতৃক পূজা ।
  • ৰাজসিংহাসন = ৰজাৰ সিংহাসন ।
  • অনুচিত = ন উচিত ।
  • অশিক্ষিত = ন শিক্ষিত ।
  • ৰাজক্ষমতা = ৰজাৰ ক্ষমতা ।
  • আশাতীত = আশাৰ অতীত ।
  • সীমাবদ্ধ = সীমাত বদ্ধ ।
  • পদদলিত = পদেৰে দলিত ।
  • সংবিধানস্বীকৃত.= সংবিধানৰদ্বাৰা স্বীকৃত ।
  • পৰিণয়াবদ্ধ = পৰিয়ণত আৱদ্ধ ।
  • অসম্ভৱ = ন সম্ভৱ ।
  • জলাতংক = জলৰদ্বাৰা আতংক ।
  • চাহ গছ = চাহৰ গছ ।

কৰ্মধাৰয় সমাস কাক বোলে ?

উত্তৰঃ-বিশেষণ আৰু বিশেষ্য় পদত সমাস হৈ যদি বিশেষ্য়ৰ অৰ্থটো প্ৰধানভাৱে প্ৰতীয়মান হয় তাক কৰ্মধাৰয় সমাস বোলে।কর্মধায় সমাস দুবিধ হ'ল-
  • মধ্যপদলােপী আৰু
  • অত্যপদলােপী সমাস।
উদাহৰণ:
  • মহাপুৰুষ = মহৎ যি পুৰুষ।
  • কালিকা পুৰাণ = কালিকা বিষয়ক পুৰাণ (মধ্যলোপী)।
  • বিদ্যোৎসাহী = বিদ্যাৰ প্ৰতি উৎসাহী (মধ্যলোপী)।.
  • সজবৃত্তি = সজ যি বৃত্তি।
  • অন্তিম বাণী = অন্তিম যি বাণী।
  • সিংহাসন = সিংহ অংকিত আসন (মধ্যলোপী)
  • মলাধঁপাত = মলা যি ধঁপাত।
  • সিংহদুৱাৰ = সিংহ অংকিত যি দুৱাৰ।
  • পুণ্যভূমি = পুণ্য যি ভূমি।
  • মূলধন = মূল যি ধন (মধ্যলোপী)।
  • বহুমূলীয়া = বহু মূল্য যাৰ। পোৰামাটি = পোৰা যি মাটি।

দ্বিগু সমাস কাক বোলে ?

উত্তৰঃ-দুই বা তাতােকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বোলে।

উদাহৰণ:
  • পাচৰজীয়া = পাঁচ ৰজাৰ সমাহাৰ।
  • তিনি ভুৱন = তিনি ভুৱনৰ সমাহাৰ।
  • ত্ৰিফলা = তিনি ফলৰ সমাহাৰ।
  • দোমাহী = দুই মাহৰ সমাহাৰ।
  • শতাব্দী = শত অন্দৰ সমাহাৰ।
  • পঞ্চামৃত = পঞ্চঅমৃতৰ সমাহাৰ।
  • ত্ৰিপিটক = ত্ৰিপিটকৰ সমাহাৰ ।

বহুব্রীহি সমাস কাক বোলে ?

উত্তৰঃ-যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অর্থনুবুজাই আন কোনাে বিশেষ অর্থহে বুজায়, তাকে বব্রীহি সমাস বােলে।
বহুব্রীহি সমাস তিনি প্রকাৰৰ-
  • কর্মধায় বহুব্রীহি বা সমানাধিকৰণ বহুব্রীহি,
  • ব্যাধিকৰণ বহুব্রীহি বা তৎপুৰুষ বহুব্রীহি আৰু
  • ব্যতিহাৰ বহুব্রীহি।
উদাহৰণ:
  • হতাহতি = হাতে হাতে যুদ্ধ. যি। (ব্যতিহাৰ বহুব্রীহি)
  • মনোৰঞ্জক = মনক ৰঞ্জন কৰে যি সি।
  • সাপ্তাহিক = সাত দিনৰ মূৰে মূৰে ওলায় যি।
  • সংসাৰত্যাগী = সংসাৰ ত্যাগ কৰে যি সি।
  • স্বাধীন =স্বৰ (নিজৰ) অধীন যি সি।
  • জলচৰ = জলত চৰে যি।
  • হলধৰ = হল ধৰে যি।
  • পদ্মনাভ = পদ্ম আছে নাভিত যাৰ।
  • বছৰেকীয়া = এবছৰৰ মূৰত হয় যি সি।
  • ৰণ-মেল = ৰণৰ বাবে আয়োজন কৰা যি মেল সি।
  • কু চক্ৰী = কুচক্ৰৰ অধীন যি সি!
  • গদাপাণি = গদা আছে পাণিত যাৰ।
  • শূলপাণি = শূল আছে পাণিত যাৰ।
  • দৃঢ়প্ৰতিজ্ঞ = দৃঢ় প্ৰতিজ্ঞা যাৰ সি।
  • বৃকোদৰ = বৃক আছে উদৰত যাৰ।
  • পীতাম্বৰ = পীত অম্বৰ যাৰ সি।
  • নিৰস্তৰ = নি(নাই) অন্তৰ য’ত।
  • চক্ৰপাণি = চক্র আছে পাণিত যাৰ।
  • খাটনিয়াৰ = খাটনি ধৰে যি সি।
  • হৃদয়গ্ৰাহী = হৃদয়ে গ্ৰহণ কৰে যাক সি।

অব্যয়ীভাৱ সমাস কাক বোলে ?
উত্তৰঃ-যি সমাসত অব্য়য়ৰ অৰ্থ প্ৰধানৰুপে প্ৰতীয়মান হয় আৰু পুৰ্বপদত অব্য়য় থাকে তাক অব্য়য়ীভাব সমাস বোলে ।

উদাহৰণ:
  • যথাশক্তি = শক্তিক অতিক্ৰম নকৰি।
  • অনুক্ৰমে = ক্ৰমে ক্ৰমে। 
  • উপকূল = কূলৰ সমীপ।
  • অহিংসা = হিংসাৰ অভাৱ।
  • দুৰ্ভিক্ষ = ভিক্ষাৰ অভাৱ।
  • উচ্ছ্‌ংখল শৃংখলাৰ অভাৱ।
  • অসুখ = সুখৰ অভাৱ। :
  • লোকাস্তৰ = অন্য লোক।
  • দেশাত্তৰ = অন্য দেশ।
ALSO READ:

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Please do not enter any spam link in the comment box