অসমীয়া অভিধান ম আখৰ
অসমীয়া অভিধান ম |
মালিচ - মৰ্দন।
মৰূদ্যান – মৰুভূমিৰ মাজৰ গছ-বন থকা ঠাই।
মৰুভূ – মৰুভূমি।
মৰ্যাদা – সন্মান বা গৌৰৱ।
মলিন – অপৰিষ্কাৰ, মলিয়ন, বিমৰ্ষ।
মষিমূৰ – চূৰ্ণ-বিচুৰ্ণ হোৱা।
মহটিয়া – এফালৰ পৰা ভাঙি-ছিঙি নে।
মহত্ব – মহান ব্যক্তিৰ গুণ।
মহত্তম – আটাইতকৈ মহৎ।
মহৰী – হিচাপ ৰখাৰ দায়িত্বত থকা কৰ্মচাৰী।
মৰল – মাংগলিক কাৰ্যত মাটিত অঁকা ঘূৰণীয়া নক্সা।
ময়ূৰ – এবিধ চৰাই।
মাংসাহাৰী – মাংস যাৰ প্ৰধান আহাৰ।
মাচুল – বিধিগত আৰু নিৰ্ধাৰিত দিবলগীয়া ধন।
মাতলামি – মাতাল লোকৰ আচৰণ।
মাদলী – তাবিজ; এবিধ অলংকাৰ।
মাদ্ৰাচা – ইচলামীয় শিক্ষানুষ্ঠান-বিশেষ।
মাধুৰ্য,মাধুৰতা – মধুৰ গুণ।
মানদণ্ড – বস্তুৰ গুণাগুণ নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা মাপনী।
মান – মাত্ৰা বা জোখা।
মানৱতা – মানুহ হিচাপে থাকিবলগীয়া গুণ।
মাণিক – মূল্যৱান পাথৰ-বিশেষ।
মামণি – স্ত্ৰীবাচক নাম-বিশেষ।
মটক মাটাক - তামোল চোবোৱাৰ শব্দ।
মণিকূট - নামঘৰৰ পূব বা উত্তৰমূৰে লগাই মূতি বা ধমপুথি থোৱা সৰু ঘৰ।
মনুষ্য - মানৱ , মানুহ।
মনোনিৱেশ - কোনো বিষয়ত মনপুতি লগা কায।
মহলা - বিদ্যালয়ৰ শ্ৰেণী, পৰীক্ষা।
মহীয়সী - মহান।
মাখিয়তী - এবিধ লতা চানেকীয়া সৰু গছ।
মায়াময় - মোহযুক্ত, ভ্ৰান্তিময়।
মিত্ৰামিত্ৰ - বন্ধু আৰু শত্ৰ, মিত্ৰ আৰু অমিত্ৰ।
মূলমন্ত্ৰ - বীজমন্ত্ৰ, ঘাই মন্ত্ৰ, কায সাধনৰ দৃঢপ্ৰতিজ্ঞা বা নিয়ম।
মাৰাঠী – মহ।
মগনীয়া - খুজি - মাগি খোৱা।
মচজিদ - মুচলমীনসকলৰ উপাসনাগৃৃৃৃৃৃৃৃহ।
মচুৰ - এবিধ দাইল।
মথি - ঘুঁটি।
মণিকুট - নাঘৰৰ বিগ্ৰহ আদি থোৱা সৰু ঘৰ।
মটক - বিশেষ সম্পৰদায়।
মট্মটনি - মট্ মট্ শব্দ।
মধুৰিয়াম - এবিধ ফল।
মদোন্মত্ত - অহংকাৰত মত্ত হোৱা।
মথাউৰি - নৈৰ দাঁতিত বন্ধা ওখ গড়।
মচগুল - মত্ত।
মগনীয়াৰ - খুজি - মাগি খোৱা লোক।
মছন্দৰী - এবিধ বনৰীয়া ঔষধি পাত।
মৰ্ত্য - মৰত।
মধুসূদন - বিষ্ণু।
মনীষি - বিদ্বান লোক।
মতদ্বৈধ - মতৰ পাৰ্থক্য।
মজলিচ - গান - বাজনাৰ বাবে পতা বৈঠক।
মচলা - খাদ্য সুস্বাদু কৰিবলৈ দিয়া উপকৰণ।
মাধুকৰী - মৌমাখিয়ে মৌ সংগ্ৰহ কৰাৰ দৰে গুটোৱা কাৰ্য।
মাধ্যাকৰ্ষন - আকৰ্ষন শক্তি।
মধ্যাহ্ন - দুপৰীয়া।
মনস্ক - মনৰ।
মন্ত্ৰিত্ব - মন্ত্ৰীৰ দায়িত্ব।
মৰীচিকা - মৰুভূমিৰ বালিত থকা চিকমিকনি।
মৰিশালী - শ্মশান।
মনোহাৰী - মন মুহিব পৰা।
মৰঁতী - নিন্দাসুচক শব্দ।
মজবুত - দৃঢ়, শকত।
মোমিন - বিশ্বাসী, মুছলমান।
মনোবাঞ্ছা - মনৰ ইচ্ছা, মনৰ অভিপ্ৰায়।
মনোমোহন - মনোহৰ।
মনঃপুত - মনে পচন্দ কৰা।
মাধুৰ্য- মধুৰভাৱে।
মৈদাম- সমাধিৰ ঠাই।
মনস্তাত্ত্বিক – মনৰ বিষয়ে।
মাউৰীয়া - মাউৰে ধৰা।
মাচিয়া - উখ খুৰা থকা আসন।
মাংস - মঙহ।
মাইল - হাতিক আঠুূকাঢ়িঠকাৰ পৰা উঠাবলৈ মতা মাত।
মনোহৰ - সুন্দৰ, মোহনীয়।
মৰত/মত্য - পৃথিৱী, ধৰা।
মিলা-প্ৰীতি - একতা, বন্ধুতা।
মিলিজুলি - একেলগে।
মুগ্ধ - মোহ যোৱা, মোহিত।
মুঠা - একেলগে বন্ধা দীঘলীয়া বস্তুৰ কোছা।
মূল্যৱান - বহুমলীয়া, দামী।
মদাম - আহোম প্ৰথাৰে ভৰা মানুহ পুতি তাৰ ওপৰত দিয়া মাটিৰ দম, সমাধি, কবৰ।
মৰিয়নি - হাবি কাটি গোৰাই থোৱা খেতিৰ মাটি।
মৰিচা - এবিধ শাক।
মৰমিয়াল - মৰমেৰে অন্তৰ ভৰি থকা।
মনোবাঞ্ছা - মনৰ কামনা।
মন্ত্ৰালয় - মন্ত্ৰীৰ কাৰ্যালয়।
মৰঠি - চেনিপুঠি।
মনোভাৱ - মনৰ ভাৱ।
মনীষা - প্ৰতিভা , মহিলাৰ নাম।
মণিকাঞ্চন - ৰত্ন আৰু সোণ একেলগে।
মনস্কাম - মনৰ ইচ্ছা।
মনোলোবা - মন আকৰ্ষণ কৰিব পৰাকৈ সুন্দৰ।
মনস্তত্ত্ব - মন অধ্যয়ন কৰা বিজ্ঞান।
মনস্তাত্ত্বিক - মনস্তত্ত্ব - সম্পৰ্কীয়।
মনোযোগ - একান্তমনে।
মনস্তাপ - মনৰ দুখ।
মণি - অলংকাৰ ৰূপে ব্যৱহিত ধাতু আদিৰ বিন্ধাযুক্ত গুটি।
Please do not enter any spam link in the comment box