অসমীয়া শব্দ অৰ্থৰ তালিকা থ
অসমীয়া শব্দ অৰ্থ থ |
- থোৰ - মেৰ খাই থকা গছৰ কোমপ পাত ।
- থৰ - হ্থিৰ হৈ থকা ।
- থাকুৰীয়া - হাল বাওঁতে শুই দিয়া ।
- থৰকাছুটি এৰ - ভয়ত ধৈৰ্য হেৰুৱা ।
- থুঁতৰি - মুখমণ্ডলৰ তলত থকা জোঙা ভাগ ।
- থেৰো - গেঁৰো - কৰো - নকৰো ভাব ।
- থুপৰী - কাম কৰিব নজনা আৰু দেখিবলৈ ভাল নলগা ।
- থাৰ্মমিটাৰ - শৰীৰৰ তাপ জোখা যন্ত্ৰ ।
- থ'ৰিয়াম -এবিধ তেজস্ক্ৰিয় দাতু ।
- থুৰীয়া - কাণত পিন্ধা অলংকাৰ ।
- থমকি - হঠাৎ আগ নবঢ়াকৈ ৰৈ
- থৰক-বৰক - কপাঁ, অস্থিৰ, অধীৰ
- থুপি - সৰু থোপা
- থোকেৰা- এবিধ টেঙা ফল।
- থেৰেজু- কাঁচিদঁৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল।
- থমক - অকস্মাট ৰৈ যোৱা
- থিৰাং - খাটাং ।
- থৈলা - মৰাপাটেৰে তৈয়াৰী ডাঙৰ মোনা ।
- থোৰতে - সংক্ষেপে ।
- থিয় - পোন হৌৈ থকা অৱস্থা ।
- থেঁতেলা - খুন্দা খাই চেপেটা হোৱা ।
- থোক - একেডাল ঠাৰিত লাগি ধৰা ফলৰ থুপ ।
Please do not enter any spam link in the comment box