Type Here to Get Search Results !

ণত্ব বিধি আৰু ষত্ব বিধি কাক বোলে আৰু ইয়াৰ নিয়মবোৰ

ণত্ব বিধি আৰু ষত্ব বিধি কাক বোলে আৰু ইয়াৰ নিয়মবোৰ


ণত্ব বিধি আৰু ষত্ব বিধি কাক বোলে আৰু ইয়াৰ নিয়মবোৰ



ণত্ব বিধি কাক বোলে ?

যি বিধি মতে দন্ত্য ন-ই মূৰ্দ্ধন্য ণ-ৰ ৰূপ লয়, তাকে ণত্ব বিধি বোলে।


ণত্ব বিধিৰ প্ৰধান নিয়মবোৰ :

১। একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিচত থকা দন্ত্য ন, মূর্দ্ধন্য ণ হয়। যেনে ঋণ, তৃণ, বর্ণ, কর্ণ, কৃষ্ণ, বিষ্ণু, জীর্ণ, বৰষুণ ইত্যাদি।

২। একেটা পদতে থকা ঝ, ৰ , ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বর্গ বা প-বৰ্গৰ কোনো বর্ণ বা য, ব, হ ব্যবধান থাকিলেও দন্ত্য ন মূর্দ্ধন্য ণ হয়। যেনেঃ কৃপণ, বারণ, ঝক্মিণী, গ্রহণ, পাষাণ, কৰুণ ইত্যাদি।

৩। ট-বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূর্দ্ধন্য ণ হয়। যেনে: ঘণ্টা, কণ্টক, পিণ্ড, কণ্ঠ, বিষণ্ণ, অশু, দণ্ড ইত্যাদি।

৪। উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, বাম, আদি শব্দৰ পিচত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। যেনে: উত্তৰায়ণ, চান্দ্রায়ণ, পৰায়ণ, ৰামায়ণ ইত্যাদি।

৫। প্ৰ, পূর্ব, অপৰ আদিৰ পিচত থকা অহ্ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। যেনেঃ প্রাহ্, পূর্বাহ্ণ, অপৰাহু আদি।

 ৬। অক্ষ শব্দৰ পিচত থকা উহিনী শব্দৰ দন্ত্য ন আৰু শূর্প শব্দৰ পিচত থকা নখ শব্দৰ দন্ত্য ন, মূদ্ধন্য ণ হয়। যেনে : অক্ষৌহিণী, শূর্পণখা।

৭। কিছুমান শব্দত স্বাভাৱিকতে মূদ্ধন্য ণ হয়। যেনেঃ বাণিজ্য, বণিক, বাণী, বীণা, বেণু, বাণ, কণিকা, কংকণ, অণু, গৌণ, তৃণ, ফণা, নিপুণ, পাণি, কল্যাণ, লৱণ, মণি, মাণিক্য, কোণ, গুণ, চিকুণ, শোণিত, গণ, পণ, চাণক্য, ঘুণ, কণ, পূণ্য ইত্যাদি।


ষত্ব বিধি কাক বোলে ?

যি বিধি মতে দন্ত্য স মূর্দ্ধন্য ষ হয়, সেই বিধিকে যত্ব বিধি বোলে।

যত্ন বিধিৰ প্ৰধান নিয়মবোৰ :

১। অ আ ভিন্ন অন্য স্বববর্ণ বা ক বা ৰ-ৰ পাচত থকা প্রত্যয়ৰ স মূৰ্দ্ধন্য ষ হয়। যেনেঃ ঋষি, শ্রীচৰণেযু, মুমূর্ষু, ভৱিষ্যৎ, শুশ্রূষা।

২। ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স, মূর্ছণ্য য হয়। যেনেঃ কষ্ট, দুষ্ট, ওষ্ঠ, মিষ্ট ইত্যাদি।

৩। ই-কাবান্ত আৰু উ-কাৰান্ত উপসৰ্গৰ পাচত থকা স্থা, সিধ, সিচ্, লস্ আদি ধাতুৰ দন্ত্য স মূর্দ্ধন্য য হয়। যেনেঃ নিষেধ, বিষাদ, প্রতিষ্ঠা, অভিলাষ, অনুষ্ঠান, নিষাদ, অভিষেক আদি।

৪। ভূমি, গো, অংগু শব্দৰ পিচত থকা স্থা শব্দব স আৰু যুধি শব্দৰ পিচত থকা স্থিৰ শব্দব দন্ত্য স মূদ্ধন্য য হয়। যেনে : ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ।

৫। সু আৰু বি উপসৰ্গৰ পিচত থকা সম শব্দৰ স মূৰ্দ্ধন্য য হয়। যেনেঃ সুষম, সুষমা, বিষম।

৬। প্রত্যয় যোগ হ'লে হবিস্ আৰু চাক্ষুস্ শব্দৰ দণ্ড্য স মূর্দ্ধন্য য হয়। যেনে: হবিষ্য, চাক্ষুষ।

৭। কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ষ হয়। যেনে: ভাষা, বর্ষা, হর্ষ, দোষ, বিযাণ, বিষয়, শোষণ, তোষণ, পোষণ, ভূষণ, বোষ, বোষণ, পুরুষ, কৃষক, ঔষধ, পুষ্প, ভীষ্ম, গ্রীষ্ম, বিশেষ, বিশেষ্য, বিশেষণ, কর্ষণ, বর্ষণ, ঘর্ষণ, ষোড়শ, পাষণ্ড, দোষ, বৃষ, তোষ, বিষ, পাযাণ, তৃষা, কলুষ ইত্যাদি।


ণত্ব বিধি আৰু ষত্ব বিধিৰ উদাহৰণ

(১) ণত্ব বিধিৰ উদাহৰণ:

  • বৰ্ণ (বৰ্ন নহয়)
  • কাৰণ (কৰণ নহয়)
  • মৰণ (মৰন নহয়)
  • তৰণি (তৰনি নহয়)
  • দৰ্পণ (দৰ্পন নহয়)
  • অনুমাণ (অনুমান নহয়)
  • সঞ্চাৰণ (সঞ্চাৰন নহয়)
  • বিস্তাৰণ (বিস্তাৰন নহয়)
  • প্ৰবৰ্ণ (প্ৰবৰ্ন নহয়)
  • সংকীৰ্ণ (সংকীৰ্ন নহয়)

(২) ষত্ব বিধিৰ উদাহৰণ:

  • দোষ (দোস নহয়)
  • পশু (পশু নহয়)
  • বিশ্ব (বিশ্ব নহয়)
  • কষ্ট (কষ্ট নহয়)
  • চিকিৎসা (চিকিৎসা নহয়)
  • অংশ (অংস নহয়)
  • নিষেধ (নিসেধ নহয়)
  • সংস্কৃতি (সংস্কৃতি নহয়)
  • সৃষ্টি (সৃষ্টি নহয়)




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

🚀 JOIN OUR SOCIAL SITES FOR LATEST UPDATES 🎉

Below Post Ad