অব্যয় পদ কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি?
PREPOSITION IN ASSAMESE
অব্যয় কাক বোলে?
যিবোৰ শব্দৰ লিংগ, বচন, বিভক্তি আদিত কোনো পবর্তন নহয়, তাক অব্যয় শব্দ বোলে।
অব্যয় শব্দ সাত প্ৰকাৰৰ :
(১) সংযোজক বা যোজক অব্যয়
(২) বিয়োজক অব্যয়
(৩) ভাববোধক অব্যয়
(৪) সম্বোধনবোধক অব্যয়
(৫) প্রশ্নবোধক অব্যয়
(৬) সমিধানবোধক অব্যয় আক
(৭) আনুষংগিক অব্যয়।
১। সংযোজক বা যোজক অব্যয়: যি অব্যয়ে দুটা বা তাতকৈ বেছি পদ বা বাক্যক যোগ কবে, তাকে যোজক অব্যয় বোলে। যেনে: আৰু, এতেকে, কাৰণ, কাৰণে আদি।
ব্যৱহাৰ:
- আৰু: তেওঁ আৰু মই যাম। সি ভাত খাই আছিল আৰু মই পঢ়ি আছিলোঁ।
- এতেকে: বিদ্যাই পৰম ধন এতেকে কায়মনোবাক্যে বিদ্যা শিক্ষা কৰা।
- কাৰণ: মই নাযাওঁ, কাৰণ, মোৰ বিশেষ কাম আছে।
- কাৰণে: মই যাব নোৱাৰোঁ কাৰণে তাকেই পঠাইছোঁ।
২। বিয়োজক অব্যয়: যি অব্যয়ে দুটা পদ বা বাক্যক পৃথক কবে তাকে বিয়োজক অব্যয় বোলে। যেনেঃ বা, নাইবা, নতুবা, তথাপি, কিন্তু ইত্যাদি।
ব্যৱহাৰ:
- বাঃ বাম বা মই যাম। তুমি ইয়ালৈ আহিবা বা সিয়ে তোমাৰ ওচৰলৈ যাব।
- নাইবা, নতুবা: এটা পদুমফুল নাইবা (নতুবা) এটা কচুপাত আঁকা। ভিতৰলৈ আহা নইবা (নতুবা) ঘৰলৈ যোৱা।
- অথবাঃ চাকরি-বাকবিকে কৰা অথবা খেতিকে ধবা।
- কিম্বা: মন্ত্রব সাধন কিম্বা শৰীৰ পতন।
- অথচঃ তেওঁ দুখীয়া অথচ সাধু।
- তেও: মই মাতিদোঁহে মাতিছোঁ তেও তেওঁৰ কাণসাৰ নাই।
- তথাপি: মোৰ জুবেই, তথাপি জববী সভা বুলি আহিছোঁ।
- কিন্তু: মই যাম কিন্তু একো নাখাম।
৩। ভাববোধক অব্যয়ঃ যি অব্যয়ে মানুহৰ মনৰ নানা ভাব প্রকাশ করে, তাক ভাববোধক অব্যয় বোলে। যেনেঃ আহা, আঃ, উস, ইস, বাঃ বাঃ, বেচ্ বেচ্, চাবাচ্ ইত্যাদি।
ব্যৱহাৰ:
- হর্ষ আদি ভাব: আঃ (আহা), আঃ কি সুন্দৰ সুৰ! কি অপরূপ রূপ। ইত্যাদি।
- বিষাদ, খেদ, আদি ভাব: হায় হায়, কি মোর পোবা কপাল। উস্ কি অসহ্য গরম। হায় মোর ভাগ্য। ইত্যাদি।
- ঘৃণা আদি ভাবঃ ছিঃ ছিঃ কি অকার্য কবিলি। ধিক্ তোর জীবন।
- পুতৌৰ ভাব: দেহিঐ, কেনে জীৱৰ বিলায়।
- প্রশংসা, অনুমোদন আদি ভাব: চাবাচ্, প্রথম হ'লা। বাঃ বাঃ জিকিলা। ধন্য ধন্য কলি কাল।
- ভয়, আশ্চর্য আদি ভাব: আই ঔ, খালে ঔ। বান্ধে বাপ্, কি ভয়ঙ্কর সাপ। ইত্যাদি।
৪। সম্বোধনবোধক অব্যয়: যিবোৰ অব্যয় সম্বোধন কৰোঁতে ব্যৱহাৰ কৰা হয়, সিহঁতক সম্বোধনবোধক অব্যয় বোলে।যেনে: অ', ঐ, ঔ, হেব, হেবা, হেবি, হেবৌ, হে, হয়ে, হাঁয়েবা ইত্যাদি।
ব্যৱহাৰ:
- অ': অ' দেউতা, গা ধোরক। অ' বাম, এই ফালে আহ।
- ঐঃ ঐ মবতী, বেগতে আহ। ময়ো যাম ঐ।
- ঔ: বাম ঔ, আহচোন। ক'লৈ গ'লি ঔ এই বাতিখন।
- হেৰ: হেব বোপাই, মোৰ কথা শুন। হেৰ দুষ্ট, মোৰ ওচৰৰপৰা গুচ্।
- হেবা: হেবা ভাই, কিতাপখন দিয়ানা। হেবা, ঘবলৈ যোৱাচোন।
- হেৰৌ: হেবৌ বান্দৰহঁত। গছত উঠিছ কিয়?
- হেঃ হে বাম, হে হবি।
- হঁয়ে, হয়েৰা: হয়ে (হঁয়েবা) হঞে, হবো, জেতুকী, মোৰ কামটো হ'ল নে?
৫। প্রশ্নবোধক অব্যয়: কোনো কথা সোধাত বা প্রশ্ন কৰাত যিবোৰ অবায় ব্যৱহাৰ হয়, সেইবোবক প্রশ্নবোধক অব্যয় বোলে। যেনেঃ নে, নেকি, কি, জানো, কোনে, বোলে, ইত্যাদি।
ব্যৱহাৰ:
- নেঃ তুমি সভালৈ যাবা নে? আপুনি মোব তালৈ আহিব নে?
- নেকিঃ তেওঁ পুৰস্কাৰ পালে নেকি? খেলা চাবলৈ যাবা নেকি?
- জানো। আজি সভা বহিব জানো। তেওঁৰ অসুখ ভাল হৈছে জানো?
- কিঃ তোমাৰ দেউতাৰাৰ নাম কি? তেওঁৰ হৈছে কি?
- কেনে: এতিয়া দেউতাৰাব স্বাস্থ্য কেনে?
- বোলে। তেওঁ বোলে বিলাতলৈ যাব।
- কোন: অজাতশত্রু কোন আছিল? সেইজন কোন?
৬। সমিধানবোধক অব্যয়: কথাৰ বা প্ৰশ্নৰ উত্তৰ দিওঁতে ব্যৱহাৰ হোৱা অব্যয়ক সমিধানবোধক অব্যয় বোলে। যেনে-ও, ওহো, এবা, হয়, বাৰু ইত্যাদি।
ব্যবহাৰঃ
ওঃ ভাত খালানে? উত্তৰ= ও।
হয়: তুমি তালৈ গৈছিলা নে? উত্তৰ= হয়।
ভাল: সভাৰ দায়িত্ব তোমাৰ ওপৰত দেই। উত্তৰ: ভাল। আয়োজন কবিম বাক।
৭। আনুষংগিক অব্যয়ঃ যিবোৰ অব্যয় অন্য পদৰ পাচত যোগ হৈ সিহঁতৰ অর্থ বেলেগ কৰে, সেইবোৰক আনুষংগিক অব্যয় বোলে। যেনেঃ এ, এই, ও, হি, হে, তা, দেই ইত্যাদি।
ব্যবহাৰ:
- এ (য়ে): আমটো তুমিয়ে নিয়া। ভাতখিনি সিয়ে খাওক।
- ওঃ ময়ো যাওঁ, তুমিও আহা। আইবো বার্তা, গংগাবো যাত্রা।
- হিঃ মই এইমাত্র পাইছোঁহি। দবা আহি পালেহি।
- হেঃ মই হে যাম। তুমি হে কামটো কৰিব লাগিব।
- চোন: তুমি এবাৰ মোৰ তালৈ আহিবাচোন। মইচোন খববকে পোৱা নাই।
- হ'লে: মই হ'লে যাব নোৱাৰিম। তুমি হ'লে আহি থাকিবা।
- তো: মইতো যাম বুলি কোৱা নাই। তুমিয়েতো কৈছিলা যে সি আহিব।
- কৈ: দেশতকৈ মোমাই ডাঙৰ নহয়। ধনতকৈ বিদ্যা শ্রেষ্ঠ ইত্যাদি।
Please do not enter any spam link in the comment box