কাল কাক বোলে ?ই কেই প্ৰকাৰৰ আৰু কি কি?
TENSE IN ASSAMESE
কাল: যি সময়ত ক্রিয়া সম্পাদন হয়, সেই সময়ক কাল বোলে। প্রধান কাল তিনিটা:
- বর্তমান,
- অতীত আক
- ভবিষ্যৎ কাল।
![]() |
TENSE IN ASSAMESE |
বৰ্তমান কাল (Present Tense)
- আমি ফল খাওঁ।
- ললিতাই কিতাপ পঢ়ি আছে।
- বহাগত কুলিয়ে মাতে।
- সূৰ্য পূৱপিনে উদয় হয়।
- পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।
- বহাগত বৰদৈচিলা বয়।
- ৰাকেশে বল খেলি আছে।
- ডেভিড লিখি আছে।
- তাই ভাত খাই আছে।
অতীত কাল বা ভূত কাল (Past Tense)
- তাই চিঠি লিখিছিল।
- আমি আম খাইছিলো।
- সি আহিলে ৰঘু গ’লাহেঁতেন।
- পানাই এইখন বিদ্যালয়ত পঢ়িছিল।
- তাই ভাত খাইছিল।
- সি ইয়াতে বাস কৰিছিল।
- লীলা অহাৰ সময়ত মই লিখি আছিলো।
- আমি স্কুললৈ যোৱা সময়ত সি দৌৰিছিল।
- তাই অহাহেঁতেন সি কামটো কৰিলোহেঁতেন।
- ভালদৰে পঢ়িলোঁহেঁতেন পাছ কৰিলাহেঁতেন।
- তুমি অহাহেঁতেন যাদৱ গ’লেহেঁতেন।
- মামনি উপস্থিত থাকিলে আমি গীত গালোহেঁতেন।
ভৱিষ্যত কাল (Future Tense)
- তাই ইয়ালৈ আহিব।
- সিহঁত অহা কালি মাদ্রাজলৈ যাব।
- কৰিমে খেলি থাকিব। আমি চাহ খাম।
- নিৰ্দ্দেশক অৰ্থত : আমি দিল্লীলৈ যাম। তাই বিদ্যালয়লৈ যাব।
- অনুজ্ঞা অৰ্থত: তুমি শিক্ষকৰ কথা মানি চলিবা। প্রখৰ ৰ’দত দৌৰি নুফুৰিবা।
- চলন্ত অৰ্থত: আমি লিখি থাকিম। সিহঁত গৈ থাকিব।